মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

আমাৰ ইতিহাস

  • ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়, অসম চমুকৈ ডি.এইছ.এ.এছ ৰাজ্যখনৰ এক আগশাৰীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সংস্থা। ১৯২৮ চনত স্থাপন হোৱা এই সংস্থাই ইতিহাসৰ সমল সংগ্ৰহ কৰি ভৱিষ্যত প্ৰজন্মই গৱেষণা কৰিব পৰাকৈ সেই তথ্যাৱলী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে অসমৰ এক বিস্তৃত আৰু পদ্ধতিগতভাৱে ৰচিত আৰু সংকলিত ইতিহাস প্ৰণয়নৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।

    এই সঞ্চালকালয়ে মূলতঃ সময়ৰ সোঁতত হেৰাই যাব খোজা পৌৰাণিক পাণ্ডুলিপিসমূহৰ পুনৰুদ্ধাৰ কৰি সেইবোৰৰ সংৰক্ষণ আৰু সংকলন কৰাত মনোনিবেশ কৰি আহিছে। বিগত সময়ছোৱাত সঞ্চালকালয়ে পৌৰাণিক পাণ্ডুলিপি, কিম্বা গ্ৰন্থ সংগ্ৰহতে ক্ষান্ত থকা নাই। বৰঞ্চ এই সংস্থাই বহু সংখ্যক তামৰ ফলি, পুৰণি মুদ্ৰাকে ধৰি অন্যান্য বহু পৰিমাণৰ ঐতিহাসিক তথ্য-সমলো সংগ্ৰহ কৰিবলৈ সম হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ইতিহাস অনুসন্ধানৰ ক্ষেত্ৰখনত উন্নত মানৰ গৱেষণা সম্ভৱ কৰি তোলাৰ প্ৰয়াস কৰি আহিছে এই সঞ্চালকালয়ে।