মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

আহোম অধ্যয়ন

আহোম ৰাজত্বৰ অসমৰ ইতিহাস অধ্যয়নক মূল উপজীৱ্য হিচাপে লৈ ১৯৩১ চনতে এটি আহোম অধ্যয়ন গোট স্থাপন কৰা হৈছিল। এই গোটটোৰ এই পৰ্যন্ত আহোম আৰু অন্যান্য টাই ভাষাত লিখা ২৪০খনৰো অধিক পাণ্ডুলিপি সংগ্ৰহ কৰিছে। এইসমূহ পাণ্ডুলিপি মূলতঃ ইতিহাস, লাকনি (আহোম বৰ্ষ), পৰম্পৰাগত জ্যোতিষ অধ্যয়ন, বৌদ্ধ ধৰ্ম সম্পৰ্কীয় বিষয়বস্তুৰে পূৰ্ণ। ইতিমধ্যে টাই ভাষাৰ একাংশ পাণ্ডুলিপি অসমীয়া ভাষালৈ অনুদিত হৈছে। ইফালে, আহোম ভাষাৰ প্ৰথমখন অভিধান ১৯৬৪ চনতে প্ৰকাশ কৰি উলিয়াইছিল ইতিহাস আৰু পূৰাতত্বৰ অধ্যয়ন বিভাগে। সেইদৰে ১৯৩৫ চনতে প্ৰকাশিত আহোম ভাষীৰ আদিপাঠখন ১৯৬৮ আৰু ১৯৮৭ চনত পুনৰ প্ৰকাশৰ ব্যৱস্থা বিভাগীয়ভাৱে কৰাহৈছে।