মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

প্ৰকাশন

ইতিহাস আৰু পূৰাতত্ব বিভাগৰ প্ৰকাশন শাখাই প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ সম্ভাৰে আৰিক অৰ্থতে অসমৰ ইতিহাস আৰু পূৰাতত্ব অধ্যয়নৰ ক্ষেত্ৰখনক বাৰুকৈয়ে সমৃদ্ধি কৰিছে। এই পৰ্যন্ত বিভাগৰ তৰফৰ পৰা ৪২খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰে ১৯খনইংৰাজী ভাষাত, ১৫খন অসমীয়াত, ৫খন সংস্কৃত আৰু ৩খন টাই ভাষাৰ। অসমীয়া ভাষাত প্ৰণীত গ্ৰন্থসমূহত অসমীয়াৰ লগতে ইংৰাজী ভাষাত লিখা মুখবন্ধ আৰু পাতনি সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া ভাষাত যুগুতোৱা বিস্তৃত ভূমিকা সংলগ্ন কৰা হৈছে। অসমীয়া পদ্য বুৰঞ্জী আৰু কছাৰী বুৰঞ্জীত আকৌ ইংৰাজী ভাষাত যুগুতোৱা বিস্তৃত ভূমিকা সংলগ্ন কৰা হৈছে। ইফালে, তুংখুঙীয়া বুৰঞ্জী শীৰ্ষক গ্ৰন্থখন আকৌ ইংৰাজী ভাষালৈ অনুদিত প্ৰথমখন অসময়া বুৰঞ্জী গ্ৰন্থ বুলি চিহ্নিত হৈছে। সেইদৰে জয়ন্তীয়া বুৰঞ্জী আৰু কছাৰী বুৰঞ্জী নামৰ গ্ৰন্থ দুখনে দুটা ৰাজবংশৰ বহু গুৰুত্বপূৰ্ণ তথ্য সম্ভাৰৰে ইতিহাস অন্বেষণকাৰী আৰু গৱেষকসকলক উপকৃত কৰিছে। ইফালে বাহাৰিস্তান-ই-ঘাইবি শীৰ্ষক ইতিহাস গ্ৰন্থখন ভাৰতীয় বিদ্বানসকলৰ মাজত বাৰুকৈয়ে জনপ্ৰিয়।

Downloads
TitleSizeDetail
List of Publications18.42 KBswf-image