মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

গ্ৰন্থাগাৰ

অসমৰ ঐতিহাসিক গৱেষণাৰ পৰিসৰ বিস্তৃত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে লৈ স্থাপিত হোৱা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়ৰ সঞ্চালকালয়টো নিম্নোল্লেখিত উদ্দেশ্য পূৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছে।

  • বিশিষ্ট পৰ্যায়ৰ পঢ়ুৱৈৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ গ্ৰন্থ তথা অন্যান্য তথ্যপাতি সংগ্ৰহ আৰু সংৰক্ষণ কৰা।
  • গৱেষণা প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন তথ্যপাতি সংগ্ৰহ কৰিব পৰাকৈ গ্ৰন্থাদিৰ যোগান নিশ্চিত কৰাৰ লগতে দিকদৰ্শন কৰা

বিৰল গ্ৰন্থ, পাণ্ডুলিপি, বহু পুৰণি বাতৰিকাকত, আলোচনী, তামৰ ফলি আদিৰ বিশাল ভাণ্ডাৰেৰে সমৃদ্ধ গ্ৰন্থাগাৰটোৰ বিশেষ পঢ়ুৱৈ সূচীত আছে গৱেষক, শিক্ষক, ছত্ৰ-ছাত্ৰী তথা বিভিন্ন বিদ্যায়তনিক প্ৰতিষ্ঠানৰ অধ্যয়নপিয়াসী ব্যক্তিৰ দল।

গ্ৰন্থ শাখা

গ্ৰন্থাগাৰটোৰ প্ৰায় ২১,০০০খন মূল্যবান গ্ৰন্থৰ সংগ্ৰহ আছে। ইয়াৰ ভিতৰত কিতাপ আকাৰে বন্ধাই থোৱা পুৰণি অসমীয়া আলোচনী আৰু বাতৰি কাকতৰ এক সংগ্ৰহো আছে। গ্ৰন্থাগাৰটোত থকা পুথিসমূহ বিশেষতঃ অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস, সাহিত্য, ধৰ্ম সংক্ৰান্তীয়, বংগৰ ইতিহাস, শিক্ষা, ৰাজনীতি বিজ্ঞান, আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ, অৰ্থনীতি সম্পৰ্কীয়। পুৰণি আলোচনীসমূহৰ ভিতৰত বাঁহী, আৱাহন আৰু ৰামধেনু, অসম গৱেষণা সমিতিৰ মুখপত্ৰ, বংগৰ এচিয়াটিক ছচাইটীৰ মুখপত্ৰ আদি উল্লেখযোগ্য।

গ্ৰন্থাগাৰটোৰ দ্বিতীয় মহলাত এটা প্ৰশস্ত পঠন গৃহ আছে।

গ্ৰন্থাগাৰত কম্পিউটাৰ সঞ্চালন

গ্ৰন্থাগাৰৰ সুপৰিচালনাৰ দিশটোলৈ গুৰুত্ব প্ৰদান কৰি ডি.এইছ.এ.এছ. সঞ্চালকালয়ে কম্পিউটাৰ সঞ্চালিত কৰ্ম পদ্ধতি সূচনা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে তিনিটা কম্পিউটাৰ আৰু এটা ছাৰ্ভাৰ স্থাপন কৰি লেন সংযোজনৰ কাম সম্পূৰ্ণ কৰা হৈছে। সেইদৰে ইনফিলিবনেট কেন্দ্ৰৰ পৰা সংগৃহীত ছৌল ২.০ শীৰ্ষক ছফ্টৱেৰ ব্যৱহাৰ কৰি গ্ৰন্থাগাৰটোৰ গ্ৰন্থ আৰু আলোচনীসমূহৰ তথ্য ভাণ্ডাৰ বিকশিত কৰা হৈছে। ইফালে, বাৰকড প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে এই প্ৰণালীৰ সৈতে ইতিমধ্যে এটা বাৰকড প্ৰিণ্টাৰো সংস্থাপিত কৰা হৈছে।

পাণ্ডুলিপি শাখা

ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন বিভাগে এই পৰ্যন্ত প্ৰায় ২৮০০খন পাণ্ডুলিপি বিভিন্ন ঠাৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে বুজন সংখ্যকেই ঐতিহাসিক প্ৰমূল্ বহন কৰিছে। বাকীখিনিৰ কিছুমান ধৰ্ম সংক্ৰান্তীয়। কিছুমান আকৌ মন্ত্ৰ পুথি, অংকীয়া নাট, ব্যাকৰণ, জ্যোতিষ শাস্ত্ৰ, পূজা বিধি, আয়ুৰ্বেদ সংক্ৰান্তীয়। পাণ্ডুলিপিসমূহৰ সৰহখিনি সংস্কৃত ভাষাত প্ৰণীত। বাকী অংশ পুৰণি অসমীয়া আৰু আহোম তথা অন্যান্য টাই ভাষাৰ।

পাণ্ডুলিপিৰ ডিজিটাইজেশ্যন

কম্পিউটাৰ স্ক্ৰেনিং পদ্ধতি সকলোখিনি সংগৃহীত পাণ্ডুলিপি ডিজিটাইজদ কৰাৰ লগতে ডি.ভি.ডি. ফৰমেটত সংৰক্ষণৰ ব্যৱস্থা আছে।

বাতৰিকাকত শাখা

গ্ৰন্থাগাৰটোত বহু পুৰণি বাতৰিকাকতৰ এক সংগ্ৰহ আছে। ইয়াৰ ভিতৰত ১৯২২ চনৰ পৰা প্ৰকাশিত সাদিনীয়া অসমীয়া, ১৯৩০ চনৰ পৰা প্ৰকাশিত তিনিদিনীয়া অসমীয়া, ১৯৪৬ চনৰ পৰা প্ৰকাশিত দৈনিক অসমীয়া আৰু ১৯৪৯ চনৰ পৰা প্ৰকাশিত নতুন অসমীয়া উল্লেখযোগ্য।

তামৰ ফলি

এই পৰ্যন্ত সংগৃহীত ১৬খন তামৰ ফলি এই গ্ৰন্থাগাৰত সংৰক্ষণৰ দিহা কৰা হৈছে। সেইবোৰ হৈছে-

  • শ্ৰী শিৱসিংহই সৌভাগ্য মাধৱ দেৱালয়লৈ প্ৰদান কৰা তামৰ ফলি।
  • শ্ৰী গদাধৰ সিংহই শ্ৰীমাধৱ চৌধুৰীলৈ দিয়া তামৰ ফলি।
  • শ্ৰী গদাধৰ সিংহই শ্ৰী শিৱ চন্দ্ৰ বাপুক প্ৰদান কৰা তামৰ ফলি
  • শ্ৰী চন্দ্ৰকান্ত সিংহই শ্ৰী অতিৰাম চৌধুৰীলৈ দিয়া তামৰ ফলি।
  • শ্ৰী গৌৰীনাথ সিংহই ভগী আৰু ভোগমনলৈ দিয়া তামৰ ফলি
  • শ্ৰী গৌৰীনাথ সিংহই ৰুদ্ৰেশ্বৰ আৰু তাম্ৰেশ্বৰ দেৱালয়লৈ প্ৰদান কৰা তামৰ ফলি
  • ভূমি ক্ৰয়ৰ তথ্য প্ৰমাণ হিচাপে শ্ৰীশিৱ সিংহৰ তামৰ ফলি
  • ৮৩জন পাইকলৈ প্ৰদান কৰা শ্ৰীগৌৰীনাথ সিংহৰ তামৰ ফলি
  • কামাখ্যাত অনুষ্ঠিত বসন্ত উত্সৱ উপলক্ষে শ্ৰী চন্দ্ৰকান্ত সিংহই প্ৰদান কৰা তামৰ ফলি।
  • শ্ৰী নাৰায়ণ ন্যায়-নবিশ ভট্টাচাৰ্যক প্ৰদান কৰা শ্ৰীৰাজেশ্বৰ সিংহৰ তামৰ ফলি।

গ্ৰন্থাগাৰ ভৱন

গ্ৰন্থাগাৰ ভৱনটো চাৰিমহলীয়া। অলপতে অসম চৰকাৰে অনুমোদন জনোৱা পুঁজিৰ ধনেৰে ভৱনটো ন-কৈ সজাই-পৰাই লোৱা হৈছে।