মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

ভৱিষ্যত প্ৰকল্প

নিম্নোল্লেখিত প্ৰকল্পসমূহ অদূৰ ভৱিষ্যতে ৰূপায়ণৰ বাবে বিভাগটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম বুৰঞ্জীৰ তথ্য সংগ্ৰহ কৰা গ্ৰন্থাৱলীৰ তালিকা প্ৰস্তুত কৰা, প্ৰাচীন পুথি আৰু পাণ্ডুলিপি আদিৰ লগতে বুৰঞ্জী আৰু ঐতিহাসিক ঘটনা প্ৰৱাহৰ সূচী প্ৰস্তুত কৰা, ইষ্ট ইণ্ডিয়া কোম্পানীৰ তথ্যাৱলী পৰীক্ষা কৰা, লোক-কাহিনী, লোক-কথা, লোক গীত, পৰম্পৰাগত বিধি-নিয়ম, প্ৰথম আদিৰ তথ্য সংগ্ৰহ কৰা, অসমত উপলব্ধ ভাস্কৰ্য, পূৰাতাত্বিক অৱশেষসমূহ বৰ্ণনাত্মক তালিকা প্ৰস্তুত কৰা, ঐতিহাসিক চুক্তি, কৌতুহল উদ্দীপক তথ্যাৱলীৰ সংকলন প্ৰস্তুত কৰা, অসমত বসবাস কৰা জাতি, জনজাতি তথা জনগোষ্ঠীসমূহৰ বিষয়ে ৰচিত গ্ৰন্থাৱলীৰ সংকলন কৰা, ঐতিহাসিক তামৰ ফলি আৰু শিলালিপিসমূহৰ লিপিবদ্ধ লিখনিসমূহ গ্ৰন্থাকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা, ঐতিহাসিক চহৰ তথা স্থানসমূহৰ ইতিহাস ৰচনা কৰা, বিদশী পৰ্যটকৰ বিস্তৃত টোকা টিপ্পনীৰ সমীক্ষা কৰা, অসম সংক্ৰান্তত পাৰ্চী, সংস্কৃত, পালি, প্ৰাকৃত, তিব্বতীয় আৰু চীনা ভাষা, অসমৰ খনিজ, নৈ-নিজৰা, বন আদিৰ বিস্তৃত বিৱৰণ, যুদ্ধ সম্পৰ্কীয় তথ্য-সম্ভাৰ, অসমৰ চাহ শিল্পৰ সবিশেষ তথা অসমত খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ বিভিন্ন তথ্যাৱলীৰ সংকলন কৰা।

গ্ৰন্থ আৰু তথ্যাৱলীৰ সূচী প্ৰকাশৰ উপৰি ইতিহাস গৱেষণা সম্পৰ্কীয় আলোচনা-চক্ৰ, সভা-সমিতি, কৰ্মশালা, প্ৰদৰ্শনী আদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ লোৱা হৈছে।

ৱেবছাইট যুগুতাব পৰাকৈ তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰা।

অসম তথা সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসবিদ, গৱেষকসকলক উত্সাহিত কৰিব পৰাকৈ ঐতিহাসিক সমলসমূহৰ পূৰাতাত্বিক অধ্যয়ন, আৰ্থ-সামাজিক পৰম্পৰা আৰু কলা-কৃষ্টিৰ অধ্যয়ন, জাতিগত বুৰঞ্জীৰ অধ্যয়নৰ আঁচনি প্ৰস্তুত কৰা হৈছে।

আন্তঃগাঁথনি নিৰ্মাণ-

ঐতিহ্য ভৱন

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত স্থাপন কৰা অসম আৰ্হিৰ নাৰায়ণী সন্দিকৈ ঐতিহাসিক প্ৰতিষ্ঠানৰ প্ৰধান ভৱনটোৱে ইতিমধ্যে ঐতিহ্য ভৱনৰ মৰ্যাদা লাভ কৰিছে। অৱশ্যে সময়ৰ আঁচোৰে ভৱনটোৰ পূৰ্বৰ আকৰ্ষণী ৰূপটো বহু পৰিমাণে ম্লান কৰি পেলাইছে। তদুপৰি যথোচিত তদাৰকীৰ অভাৱেও এই ক্ষেত্ৰত অৰিহণা যোগাইছে বুলিব লাগিব। এনে প্ৰেক্ষাপটতে ভৱনটোক যথোপযুক্ত বৈদ্যুতিকীকৰণৰ লগতে অনাময় ব্যৱস্থা সংলগ্ন কৰি ন-কৈ সজাই-পৰাই তোলাৰ প্ৰয়োজনীয়তা আছে।

সভাগৃহ

বৰ্তমানে থকা ৮০খন আসনযুক্ত সভাগৃহটোৰ আসনৰ সংখ্যা বৃদধি কৰি আলোচনা চক্ৰ, কৰ্মশালা আদিকে ধৰি বিস্তৃত পৰিসৰৰ সভা অনুষ্ঠিত কৰিব পৰাকৈ উপযুক্ত গঢ়ি তোলাৰো প্ৰয়োজন।

সংৰক্ষণ পৰীক্ষাগাৰ- পুৰণিকলীয়া তথ্যপাতি, প্ৰাচীন মুদ্ৰা তামৰ ফলি আদি পদ্ধতিগত আৰু বিজ্ঞানসন্মতভাৱে সঞ্চয় আৰু সংৰক্ষণ কৰাৰ বাবে বিভাগটোক এটা সকলো ৰাসায়নিক আৰু ভৌতিক সংসাধন ব্যৱস্থা সংযুক্ত পৰীক্ষাগাৰৰ প্ৰয়োজন আছে।

দৰ্শনাৰ্থীৰ জৰণী চৰা – ঐতিহাসিক সমলৰ তথ্য বিচাৰি অথবা পৰিদৰ্শনৰ বাবে বিভাগটোলৈ বহু বিদ্বান, গৱেষক, বুদ্ধিজীৱী-শিক্ষাবিদৰ উপৰি দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ নিতৌ আগমন ঘটে। তেওঁলোকৰ সুবিধাৰ্থে বিভাগটোৰ কাৰ্যালয়টোত দৰ্শনাৰ্থীৰ এটি জিৰণী চৰা নিৰ্মাণ কৰাটো নিতান্তই জৰুৰী।

বিত্তীয়

বিভাগটোৱে উন্নয়নমূলক কাম-কাজৰ লগতে গৱেষণা আদিৰ বাবদ চৰকাৰৰ পৰা সামান্য পুঁজিহে লাভ কৰি আহিছে। চৰকাৰী পুঁজিৰ অধিকাংশই বিষয়া-কৰ্মচাৰীৰ দা-দৰমহাতে ব্যয় হয়।