মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

বিভাগটোৰ প্ৰতিষ্ঠা কালত নিৰ্দিষ্ট কৰা কাম-কাজ আৰু উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হল-

  • প্ৰাচীন ঐতিহাসিক প্ৰমূল্যসমৃদ্ধ মৌলিক গ্ৰন্থাদিৰ অনুসন্ধান, উদ্ধাৰ তথা সংগ্ৰহ কৰা।
  • সাম্প্ৰতিক কালৰ ঐতিহাসিক প্ৰমূল্যসমৃদ্ধ তথ্যাৱলীৰ অনুসন্ধান, সংগ্ৰহ তথ জীৱিত কিম্বা প্ৰয়াত লেখক-লেখিকাৰ গ্ৰন্থাদিৰ সংকলন কৰা।
  • ব্যক্তিগতভাৱে চলোৱা গৱেষণামূলক তথ্য-সংগ্ৰহৰ সংকলন ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন বিভাগৰ পৃষ্ঠপোষকতাৰে প্ৰকাশৰ ব্যৱস্থা কৰা।
  • বিভাগীয় বিষয়া-কৰ্মচাৰীৰ জৰিয়তে সম্পাদিতদ গৱেষণামূলক অধ্যয়নৰ সংকলন কৰা।
  • ঐতিহাসিক প্ৰমূল্যসমৃদ্ধ তথ্যাৱলী বিভাগীয় বিষয়াবৰ্গ কিম্বা অন্য ব্যক্তিৰ জৰিয়তে সংগ্ৰহৰ পিছত প্ৰকাশনযোগ্যভাৱে লিপিবদ্ধ কৰি সংকলন কৰা।
  • পুঁজিৰ পৰ্যাপ্ততাৰ ভিত্তিত উপৰি উক্ত ঐতিহাসিক সমলৰ সম্পাদনা আৰু প্ৰকাশৰ দিহা কৰা।
  • বিভাগে প্ৰকাশ কৰা গ্ৰন্থাদিৰ বিপণনৰ দিহা কৰা
  • ব্যক্তিগতভাৱে চলোৱা গৱেষণাৰ ক্ষেত্ৰত যদি ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন বিভাগৰ পৰামৰ্শ আহ্বান কৰা হয় তেন্তে তেনে আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনোৱা।
  • ঐতিহাসিক সমল সংগ্ৰহৰ প্ৰতি ইচ্ছুক দক্ষ ব্যক্তিক সংশ্লিষ্ট বিষয়ৰ তথ্য অনুসন্ধানৰ বাবে নিয়োজিত কৰা।
  • ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন ক্ষেত্ৰত ইতিবাচকভাৱে সহায়ক হব পৰা কাম-কাজৰ উদগণি জনোৱা।