ইতিহাস হৈছে মানৱ জীৱনৰ অসমাপ্ত গাঁথা, যি বৰ্তমানৰ মাজেৰে সৰকি ভৱিষ্যতলৈ সম্প্ৰসাৰিত হয়। অতীতৰ পটভূমিত অংকুৰিত হয় ভৱিষ্যত। সেয়ে ভৱিষ্যতৰ যাত্ৰাপথেৰে আগুৱাই যাবলৈকে অতীতে সোঁৱৰোৱা পথ নিৰ্দেশনা হৃদয়ংগম কৰাটো জৰুৰী হৈ উঠে।
১৯৩৩ চন পৰ্যন্ত নিজা ভৱন নোহোৱাকৈ কাৰ্যনিৰ্বাহ কৰিবলগীয়া হৈছিল বিভাগটোৱে।অৱশ্যে ১৯৩৩ চনত ৰায়বাহাদুৰ ৰাধাকান্তদ সন্দিকৈয়ে তেওঁৰ পৰিবাৰ নাৰায়ণী সন্দিকৈৰ স্মৃতিত এটি গ্ৰন্থাগাৰসহ এটা ভৱন নিৰ্মাণ কৰিব পৰাকৈ বিভাগটোলৈ ১০,০০০ টকা দানসূত্ৰে আগবঢ়ায়। সেই ধনেৰেই পৰৱৰ্ত্তী সময়ত এটা ভৱন নিৰ্মাণ কৰা হয় আৰু নাৰায়ণী সন্দিকৈ ইতিহাস প্ৰতিষ্ঠান শীৰ্ষকেৰে ভৱনটিৰ নামাকৰণ সম্পন্ন কৰা হয়। ১৯৩৬ চনৰ ৪ এপ্ৰিলত এই ভৱনৰ দ্বাৰ উন্মোচন কৰে অসমৰ তদানীন্তন গৱৰ্ণৰ ছাৰ মাইকেল কীন-য়ে।
ইফালে কটন মহাবিদ্যালয়ৰ অধ্যাপক ড০ সূৰ্য্য কুমাৰ ভূঞাক ১৯২৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকা এলেকাৰ অবৈতনিক সহকাৰী সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। এইগৰাকী মহানুভৱৰ গতিশীল তথা প্ৰশংসনীয় পদক্ষেপত গা-টঙাই উঠা বিভাগটোৱে কম সময়ৰ ভিতৰতে ৰাজ্যখনৰ ইতিহাস, সাহিত্য তথা সাংস্কৃতিক গৱেষণাৰ ক্ষেত্ৰখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয়। বহুমুখী প্ৰতিভাসম্পন্ন, গতিশীল ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী পুৰোধাৰ আদৰ্শই আমাক আজিও অনুপ্ৰাণিত কৰি আহিছে।
ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়, অসম চমুকৈ ডি.এইচ.এ.এছ ৰাজ্যখনৰ এক আগশাৰীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সংস্থা। ১৯২৮ চনত স্থাপন হোৱা এই সংস্থাই ইতিহাসৰ সমল সংগ্ৰহ কৰি ভৱিষ্যত প্ৰজন্মই গৱেষণা কৰিব পৰাকৈ সেই তথ্যাৱলী বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ লগতে অসমৰ এক বিস্তৃত আৰু পদ্ধতিগতভাৱে ৰচিত আৰু সংকলিত ইতিহাস প্ৰণয়নৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে।
এই সঞ্চালকালয়ে মূলতঃ সময়ৰ সোঁতত হেৰাই যাব খোজা পৌৰাণিক পাণ্ডুলিপিসমূহৰ পুনৰুদ্ধাৰ কৰি সেইবোৰ সংকলন আৰু সংৰক্ষণ কৰাত মনোনিবেশ কৰি আহিছে। বিগত সময়ছোৱাত সঞ্চালকালয়টোৱে পৌৰাণিক পাণ্ডুলিপি, কিম্বা গ্ৰন্থ সংগ্ৰহতে ক্ষান্ত থকা নাই। বৰঞ্চ এই সংস্থাই বহু সংখ্যক তামৰ ফলি, পুৰণি মুদ্ৰাকে ধৰি অন্যান্য বহু পৰিমাণৰ ঐতিহাসিক তথ্য সমলো সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত ২১,০০৬খন গ্ৰন্থ, ৪০০ পুৰণি আলোচনী, ২৮১৯খন পাণ্ডুলিপি, ২০০খন অনুলিখন, ১৬খন তামৰ ফলিৰে সমৃদ্ধ হৈছে সঞ্চালকালয়টোৰ সংগ্ৰহ। তদুপৰি সঞ্চালকালয়ৰ তৰফৰ পৰা ইংৰাজী, অসমীয়া, সংস্কৃত আৰু টাই ভাষাত ৰচিত ৪৯খন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ উপৰি ঐতিহাসিক প্ৰমূল্য সমৃদ্ধ সা-সামগ্ৰীৰ এক প্ৰদৰ্শনী কক্ষ, এটা পুথিভঁড়াল পৰিচালনা কৰি থকা হৈছে। ইফালে সঞ্চালকালয়ৰ সভাকক্ষটো নিজাববীয়া ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক ব্যৱহাৰ কৰিবলৈ দিয়া হয়।
ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন বিভাগৰ গ্ৰন্থাগাৰটো বিভিন্ন ধৰণৰ গ্ৰন্থ তথা পঠন সমলৰে সমৃদ্ধ। ইয়াত বিশাল সংখ্যক বিৰল গ্ৰন্থ, পাণ্ডুলিপি, পুৰণি বাতৰি কাকত, আলোচনী তথা তামৰ ফলি আদি সংৰক্ষিত কৰি ৰখা হৈছে। এই গ্ৰন্থাগাৰে ইতিহাস গৱেষণা জড়িতসকলৰ লগতে শিক্ষক-ছাত্ৰ তথা বিভিন্ন ক্ষেত্ৰৰ বিদ্যায়তনিক প্ৰতিষ্ঠানসমূহকো বাৰুকৈয়ে উপকৃত কৰি আহিছে। সংশ্লিষ্টসকলক উন্নত আৰু দক্ষতাপূৰ্ণ সেৱা আগবঢ়াব পৰাকৈ গ্ৰন্থাগাৰটোত ইতিমধ্যে কম্পিউটাৰ সঞ্চালিক ব্যৱস্থাৰে সংযুক্ত কৰা হৈছে। ইয়াৰ বাবে চৌউল ২.০ (এছ.অ.ইউ.এল ২.০) শীৰ্ষক ছফ্টৱেৰ আৰু বাৰকড প্ৰযুক্তিৰ ব্যৱহাৰ কৰি গ্ৰন্থসমূহৰ তথ্যসূচী যুগুতোৱাৰ কাম অব্যাহত ৰখা হৈছে।
জন্মলগ্নৰে পৰা বিভাগটোৱে ঐতিহাসিক আৰু পূৰাতাত্ত্বিক সমল সমৃদ্ধি তথ্যৰাজি, পাণ্ডুলিপি, অনুলিখিত গ্ৰন্থাদিৰ সংগ্ৰহ-সংকলনত মনোনিবেশ কৰি আহিছে। এনে প্ৰয়াসৰ সুবাদতে এই পৰ্যন্ত বিভাগটোৱে ২০০ৰো অধিক অনুলিখিত ঐতিহাসিক সমলৰ এক সংগ্ৰহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। সাঁচিপাতৰ পুথিকে ধৰি বহুসংখ্যক বিৰল গ্ৰন্থৰ পাণ্ডুলিপি ডিভিডি ফৰ্মেটত সংৰক্ষণ কৰাৰ বাবে বিভাগটোৱে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সৈতে এক বুজাবুজিৰ চুক্তিত সম্পাদিত কৰিছে। এই চুক্তিৰ আধাৰত সাঁচিপাতৰ পুথিসমূহৰ লগতে অন্যান্য মহামূল্যবান গ্ৰন্থসমূহ ডিজিটেল পদ্ধতিৰে সংৰক্ষিত কৰা হব।
বিভাগটোৱে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থৰাজিয়ে ৰাজ্যখনৰ ইতিহাস গৱেষণাৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই পৰ্যন্ত বিভাগটোৱে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থৰ সংখ্যা ৪৯খন হৈছেগৈ। ইয়াৰে ২৫খন ইংৰাজী ভাষাত, ১৬খন অসমীয়াত, ৫খন সংস্কৃত আৰু ৩খন আহোম আৰু টাই ভাষাত প্ৰকাশিত কৰা হৈছে। অসমীয়াত প্ৰকাশিত ঘটনাপ্ৰবাহৰ তথ্যাৱলীৰ পাতনি ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে সন্নিৱিষ্ট কৰা হৈছে।
বিভাগটোৱে আহোম শাখাটো ১৯৩১ চনত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল। অৱশ্যে ১৯৫৩ চনত এগৰাকী বিশেষ বিষয়া আৰু এগৰাকী আহোম বিশেষজ্ঞৰ নিযুক্তিৰে এই শাখাটো স্থায়ী ৰূপত স্থাপন কৰা হয়। এই প্ৰশাখাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা আহোম বুৰঞ্জীৰ সমলসমূহৰ সংগ্ৰহ, সংৰক্ষণ তথা সংকলনৰ লগতে গৱেষণাৰ গুৰুদায়িত্ব পালন কৰি আহিছে। এই পৰ্যন্ত এই শাখাই ২৪০খন আহোম আৰু অন্যান্য টাই ভাষাৰ পাণ্ডুলিপি সংগ্ৰহৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে। ১৯৬৪ চনত বিভাগটোৱে প্ৰথমখন আহোম ভাষাৰ অভিধানযুগুতাই উলিয়ায়। তদুপৰি এই শাখাই কিছুসংখ্যক টাই পাণ্ডুলিপিৰ অসমীয়া তৰ্জমাও কৰি উলিয়াইছে। সেয়া হৈছে-
বিভাগীয় আঁচনিৰ অধীনত নিম্নোল্লেখিত প্ৰকল্পসমূহ ৰূপায়ণৰ ব্যৱস্থা কৰা হব।
সংগৃহীত তথ্যপাতিৰ তালিকা, পাণ্ডুলিপিসমূহ গ্ৰন্থাকাৰে প্ৰকাশৰ উপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ, কৰ্মশালা, প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।
ৱেবছাইট যুগুতাব পৰাকৈ এক তথ্য সংসাধন গোট গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
অঞ্চলটোৰ ইতিহাসবিদ, গৱেষকসকলক অসম তথা সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলত সিঁচৰতি হৈ থকা ঐতিহাসিক সমল, পাণ্ডুলিপি, পূৰাতাত্বিক ঐতিহ্যসমূহৰ অধ্যয়নৰ লগতে আৰ্থ-সামাজিক অধ্যয়ন, সাংস্কৃতিক তথা ভাষাতত্বৰ অধ্যয়ন, পৰম্পৰা তথা সামাজিক প্ৰথা, নৃতাত্বিক অধ্যয়নৰ বাবে উত্সাহী কৰি তোলাৰ বাবে প্ৰেক্ষাপট ৰচনা কৰাৰ বাবে সমৰ্পিত হোৱাৰ প্ৰস্তাৱ যুগুতোৱা হৈছে।
ঐতিহ্য ভৱন
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত স্থাপন কৰা অসম আৰ্হিৰ নাৰায়ণী সন্দিকৈ ঐতিহাসিক প্ৰতিষ্ঠানৰ প্ৰধান ভৱনটোৱে ইতিমধ্যে ঐতিহ্য ভৱনৰ মৰ্যাদা লাভ কৰিছে। অৱশ্যে সময়ৰ আঁচোৰে ভৱনটোৰ পূৰ্বৰ আকৰ্ষণীয় ৰূপটো বহু পৰিমাণে ম্লান কৰি পেলাইছে। তদুপৰি যথোচিত তদাৰকীৰ অভাৱেও এই ক্ষেত্ৰত অৰিহণা যোগাইছে বুলিব লাগিব। এনে প্ৰেক্ষাপটতে ভৱনটোক যথোপযুক্ত বৈদ্যুতিকীকৰণৰ লগতে অনাময় ব্যৱস্থা সংলগ্ন কৰি ন-কৈ সজাই-পৰাই তোলাৰ প্ৰয়োজনীয়তা আছে।
বৰ্তমানে থকা ৮০খন আসনযুক্ত সভাগৃহটোৰ আসনৰ সংখ্যা বৃদ্ধি কৰি আলোচনা চক্ৰ, কৰ্মশালা আদিকে ধৰি বিস্তৃত পৰিসৰৰ সভা অনুষ্ঠিত কৰিব পৰাকৈ উপযুক্ত গঢ়ি তোলাৰো প্ৰয়োজন।
সংৰক্ষণ পৰীক্ষাগাৰ-পুৰণিকলীয়া তথ্যপাতি, প্ৰাচীন মুদ্ৰা তামৰ ফলি আদি পদ্ধতিগত আৰু বিজ্ঞানসন্মতভাৱে সঞ্চয় আৰু সংৰক্ষণ কৰাৰ বাবে বিভাগটোক এটা সকলো ৰাসায়নিক আৰু ভৌতিক সংসাধন ব্যৱস্থা সংযুক্ত পৰীক্ষাগাৰৰ প্ৰয়োজন আছে।
দৰ্শনাৰ্থীৰ জৰণী চৰা –ঐতিহাসিক সমলৰ তথ্য বিচাৰি অথবা পৰিদৰ্শনৰ বাবে বিভাগটোলৈ বহু বিদ্বান, গৱেষক, বুদ্ধিজীৱী-শিক্ষাবিদৰ উপৰি দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ নিতৌ আগমন ঘটে। তেওঁলোকৰ সুবিধাৰ্থে বিভাগটোৰ কাৰ্যালয়টোত দৰ্শনাৰ্থীৰ এটি জিৰণী চৰা নিৰ্মাণ কৰাটো নিতান্তই জৰুৰী।
বিভাগটোৱে উন্নয়নমূলক কাম-কাজৰ লগতে গৱেষণা আদিৰ বাবদ চৰকাৰৰ পৰা সামান্য পুঁজিহে লাভ কৰি আহিছে। চৰকাৰী পুঁজিৰ অধিকাংশই বিষয়া-কৰ্মচাৰীৰ দা-দৰমহাতে ব্যয় হয়।