মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়

প্ৰকাশিত গ্ৰন্থ আদিৰ তালিকা-

ইংৰাজী

  • ডেভিড স্কটৰ জীৱনী– মেজৰ আদম হোৱাইট আৰু ড্ সূৰ্যকুমাৰ ভূঞাই সংকলিত কৰা জীৱনীগ্ৰন্থ খনত সন্নিৱিষ্ট ঘটনাৱলীয়ে অসমত ব্ৰিটিছ ৰাজত্বৰ আৰম্ভনিৰ দিনবোৰৰ বিষয়ে বহু কথা জানিবলৈ দিয়ে।প্ৰথম প্ৰকাশ ১৯৮৮ চন।
  • তংখুঙীয়া বুৰঞ্জী- ড সূৰ্যকুমাৰ ভূঞা সম্পাদিত গ্ৰন্থখনত ১৬৮১ চনৰ পৰা ১৮২৬ চন পৰ্যন্ত কালছোৱাৰ অসমৰ ইতিহাস সন্নিৱিষ্ট হৈছে। গ্ৰন্থখনত বিভিন্ন বংশাৱলী আৰু গ্ৰন্থ তালিকা সন্নিৱিষ্ট কৰা হৈছে। প্ৰথম প্ৰকাশ-১৯৩৩ চন, দ্বিতীয় প্ৰকাশ-১৯৬৮ চন, তৃতীয় প্ৰকাশ-১৯৯০ চন।
  • বাহাৰিস্তান-ই-ঘাইবি- (প্ৰথম খণ্ড)
  • বাহাৰিস্তান-ই-ঘাইবি (দ্বিতীয় খণ্ড)-সপ্তদশ শতিকাৰ আৰম্ভনি কালত অসম, বঙ্গ, বিহাৰ আৰু উৰিষ্যাত মোগলৰে হোৱা সংঘাতৰ বৰ্ননা থকা মূল ফাৰ্চী ভাষাৰ গ্ৰন্থখনৰ অনুবাদ কৰিছিল ময়িদুল ইছলাম বৰাই।প্ৰথম প্ৰকাশ-১৯৩৬ চন, দ্বিতীয় প্ৰকাশ-১৯৯২ চন
  • একাউন্ট অৱ আছাম- ১৮০৭ ৰ পৰা ১৮১৪ চনৰ সময়ছোৱাৰ খতিয়ান দাঙি ধৰা গ্ৰন্থ খনৰ সংকলক আছিল ড্ ফ্ৰাসিছ হেমিলটন।প্ৰথম প্ৰকাশ- ১৯৪০ চন, দ্বিতীয় প্ৰকাশ-১৯৬৩ চন, তৃতীয় প্ৰকাশ-১৯৮৭ চন
  • আৰ্লী ব্ৰিটিছ ৰিলেশ্যন উইথ আছাম- ইষ্টইণ্ডিয়া কোম্পানীৰে অসমৰ সম্পৰ্ক আৰু ব্ৰিটিছৰাজলৈ ক্ষমতাৰ হস্তান্তৰ সম্পৰ্কিয় ইতিহাস সমৃদ্ধ গ্ৰন্থখনৰ ৰচয়িতা ড০ সূৰ্য কুমাৰ ভূঞা।প্ৰথম প্ৰকাশ- ১৯২৮ চন
  • বুলেটিন নং-১- ১৯২৭-৩২ ৰ কালছোৱাৰ অসমৰ গৱৰ্ণৰ মহামহিম ছাৰ এগৱাৰ্ট লৰী লুকাছ হামান্তৰ পাতানিযুক্ত। প্ৰথম প্ৰকাশ-১৯৩২ চন।
  • বুলেটিন-নং-২- তদানীন্তন অসমৰ(১৯৩২-১৯৩৭) গৱৰ্ণৰ মহামহিম ছাৰ মাইকেল কীনৰ পাতানিযুক্ত। প্ৰথম প্ৰকাশ- ১৯৩৪ চন।
  • বুলেটিন- নং- ৩- নাৰায়নী সন্দিকৈ ঐতিহাসিক প্ৰতিষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ।প্ৰথম প্ৰকাশ- ১৯৩৬ চন।
  • বুলেটিন- নং- ৪- নাৰায়নী সন্দিকৈৰ প্ৰতিচ্ছবি উন্মোচনী অনুষ্ঠান উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ।প্ৰথম প্ৰকাশ- ১৯৪১ চন।
  • বুলেটিন-নং-৫- ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰৰ আগকথা সহ।প্ৰথম প্ৰকাশ- ১৯৫১ চন।
  • ৰিপৰ্ট অন ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ অব ব্ৰিটিছ ইণ্ডিয়া- আৰ বি ৰেম্বাৰটন। প্ৰথম প্ৰকাশ- ১৮৩৫ চন, দ্বিতীয় প্ৰকাশ- ১৯৬৬ চন, তৃতীয় প্ৰকাশ- ১৯৯১ চন।
  • ডেস্ক্ৰিষ্টিভ কেটেলগ অব আছামিজ মেন্যুস্ক্ৰিষ্টছ- অসমীয়া আহোম আৰু সংস্কৃত ভাষাৰ বহু সাঁচিপতীয়া পুথি, পাণ্ডুলিপিৰ বৰ্ননাত্মক ভূমিকা সন্নিৱিষ্ট। সংকলক-পণ্ডিত হেমচন্দ্ৰ গোশ্বামী।প্ৰথম প্ৰকাশ- ১৯৩০ চন।
  • গ্ৰামাৰ এণ্ড ডিক্সনেৰী অব লাখেৰ অৰ মাৰা লেংগুৱেজ- প্ৰয়াত ৰেভাৰেণ্ড আৰ অ লৰেইন।প্ৰথম প্ৰকাশ- ১৯৫১ চন।
  • ঘোঁৰা নিদান- ঘোঁৰাৰ বিভিন্ন ৰোগ আৰু তেনে ৰোগ নিৰাময়ৰ চিকি্সা সন্দৰ্ভত অসমীয়া আৰু ইংৰাজী উভয় ভাষাত যুগতোৱা হাতপুথি।প্ৰথম প্ৰকাশ- ১৯৩২ চন
  • কামৰত্ন তন্ত্ৰ- ইংৰাজী অনুবাদসহ অসমীয়াত যুগোতোৱা তান্ত্ৰিক পন্থৰ বিভিন্ন ৰহস্যময় চিত্ৰ সম্বলিত গ্ৰন্থ।
  • সংকলক পণ্ডিত হেমচন্দ্ৰ গোস্বামী।প্ৰথম প্ৰকাশ- ১৯২৮ চন।
  • দি লাইফ এণ্ড ৱৰ্কছ অব আমিৰ হাছান ডহলবি- ড০ ময়িদুল ইছলান বৰা।প্ৰথম প্ৰকাশ- ২০০১ চন, মূল্য- ৮০ টকা।
  • স্মৃতিগ্ৰন্থ– (সোণালী জয়ন্তী উদযাপন বৰ্ষ সমাৰোহ)। প্ৰথম প্ৰকাশ – ১৯৭৮ চন
  • এনালছ অব দ্যা দেলহী বাদশ্বাহেট– মূল পুৰণি ভাষাত প্ৰণীত পাদশ্বাহ বুৰঞ্জীৰ আগকথা আৰু টোকা সম্বলিত ইংৰাজী অনুবাদ। সংকলক – ড০ সূৰ্যকুমাৰ ভূঞা, প্ৰথম প্ৰকাশ – ১৯৪৭ চন

অসমীয়া

  • কছাৰী বুৰঞ্জী– ১৭১৪ চন পৰ্যন্ত অসম-কাছাৰ সম্পৰ্ক সম্বন্ধীয় ইতিহাস বিষয়ক গ্ৰন্থ। সম্পাদনা – ড০ সূৰ্যকুমাৰ ভূঞা, প্ৰথম প্ৰকাশ – ১৯৩৬ চন, দ্বিতীয় প্ৰকাশ – ১৯৫১ চন, তৃতীয় প্ৰকাশ – ১৯৮৪ চন
  • জয়ন্তীয়া বুৰঞ্জী– অসম-জয়ন্তীয়া সম্পৰ্ক (৭৪ চন পৰ্যন্ত)। সম্পাদনা – ড০ সূৰ্যকুমাৰ ভূঞা, প্ৰথম প্ৰকাশ – ১৯৩৭ চন, দ্বিতীয় প্ৰকাশ – ১৯৬৪ চন
  • অংকীয়া নাট– শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ আৰু গোপাল দেৱ প্ৰণীত নাট সম্ভাৰ। সম্পাদনা – ড০ বি.কে. বৰুৱা, প্ৰথম প্ৰকাশ – ১৯৪০ চন, দ্বিতীয় প্ৰকাশ – ১৯৫৪ চন, তৃতীয় প্ৰকাশ – ১৯৮৩ চন।
  • ভক্তিগীত সংকলন– বৈষ্ণৱ পণ্ডিতৰ ভক্তিমূলক গীতৰ সংকলন। সম্পাদনা – ড০ মহেশ্বৰ নেওগ, প্ৰথম প্ৰকাশ – ১৯৮৯ চন
  • অসম বুৰঞ্জীঃ (১২২৮-১৮২৬ চন), সংকলন – হৰকান্ত সদৰামিন। প্ৰথম প্ৰকাশ – ১৯৩০ চন, দ্বিতীয় প্ৰকাশ – ১৯৬২ চন, তৃতীয় প্ৰকাশ – ১৯৯০ চন
  • কামৰূপৰ বুৰঞ্জী– অসম-মোগল সংঘাতৰ ইতিহাস। সম্পাদনা – ড০ সূৰ্য কুমাৰ ভূঞা, প্ৰথম প্ৰকাশ – ১৯৩০ চন, দ্বিতীয় প্ৰকাশ – ১৯৫৮ চন, তৃতীয় প্ৰকাশ – ১৯৮৭ চন
  • দেওধাই অসম বুৰঞ্জী– অসমৰ বিভিন্ন কালৰ ঘটনা প্ৰবাহৰ চমু খতিয়ানসহ আহোম ৰাজত্বৰ আদিছোৱা কালৰ বুৰঞ্জী,সম্পাদনা – ড০ সূৰ্য কুমাৰ ভূঞা, প্ৰথম প্ৰকাশ – ১৯৩২ চন, চতুৰ্থ প্ৰকাশ – ১৯৩২ চন
  • তুংখুঙীয়া বুৰঞ্জী– অসম বুৰঞ্জীৰ এচোৱা (১৬৮১ৰ পৰা ১৮২৮ চন পৰ্যন্ত)। সংকলক – শ্ৰী নাথ দুৱৰা বৰবৰুৱা,প্ৰথম প্ৰকাশ – ১৯৩২ চন, তৃতীয় প্ৰকাশ – ১৯৯০ চন
  • অসম পদ্য বুৰঞ্জী– দুটীয়া ছন্দত যুগুতোৱা ইতিহাস সম্বন্ধীয় গ্ৰন্থ।ৰচয়িতা – দুটিৰাম হাজৰিকা আৰু বিশ্বেশ্বৰ বৈদ্যাধিপ।প্ৰথম প্ৰকাশ – ১৯৩২ চন, দ্বিতীয় প্ৰকাশ – ২০০৮ চন
  • ত্ৰিপুৰা বুৰঞ্জী– ত্ৰিপুৰা ৰাজ্যৰ বিস্তৃত বিৱৰণ। সম্পাদনা – ড০ সূৰ্য কুমাৰ ভূঞা। প্ৰথম প্ৰকাশ – ১৯৩৮ চন, দ্বিতীয় প্ৰকাশ – ১৯৬২ চন, তৃতীয় প্ৰকাশ – ১৯৯০ চন
  • অসম বুৰঞ্জী– ১৪৬৮ চনৰ পৰা ১৮২৫ চন পৰ্যন্ত সময়চোৱাৰ গুৰুত্বপূৰ্ণ ঘটনাক্ৰম সম্বলিত অসম বুৰঞ্জীৰ এচোৱা (১৬৪৮-১৬৮১ চন পৰ্যন্ত)।সম্পাদনা – এছ.কে. দত্ত, প্ৰথম প্ৰকাশ – ১৯৩৮ চন, দ্বিতীয় প্ৰকাশ – ১৯৯১ চন
  • অসম বুৰঞ্জী– উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ পৰিয়ালৰ পৰা উদ্ধাৰ কৰা অসম বুৰঞ্জীৰ (১২২৮ৰ পৰা ১৬৯৬ চন পৰ্যন্ত) এচোৱা,প্ৰথম প্ৰকাশ – ১৯৪৫ চন, দ্বিতীয় প্ৰকাশ – ১৯৮৮ চন
  • অসম বুৰঞ্জী সাৰ– ১২২৮ৰ পৰা ১৮৩৩ চন পৰ্যন্ত সময় কালৰ ঘটনা প্ৰবাহ সম্বলিত।প্ৰণেতা – কাশীনাথ তামুলী ফুকন, সম্পাদনা – পি চি চৌধুৰী, প্ৰথম প্ৰকাশ – ১৯৪৪ চন, দ্বিতীয় প্ৰকাশ – ১৯৬০ চন, তৃতীয় প্ৰকাশ – ১৯৬৪ চন, চতুৰ্থ প্ৰকাশ – ১৯৯১ চন।
  • ভাৰতীয় প্ৰত্নতত্ব– অসম ভাৰতীয় পূৰাতত্ব। প্ৰথম প্ৰকাশ – ১৯৬০ চন।
  • ময়িদুল ইছলাম বৰাৰ গৱেষণা গ্ৰন্থৰ পৰিচিতি– প্ৰণয়ন আৰু সম্পাদনা – ড০ জিতেন দাস, প্ৰথম প্ৰকাশ – ২০০০ চন

সংস্কৃত

  • বিত্ত  মঞ্জুৰী– কাব্য ছন্দৰ বন্ধা আৰু সংস্কৃত ভাষাত ৰচনা কৰা এক মূল্যবান গ্ৰন্থ। প্ৰণেতা – প্ৰয়াত মহামহোপধ্যায় বীৰেশ্বৰাচাৰ্য।প্ৰথম সংকলন – ১৯৬১ চন
  • নীতিলংকাৰ– ৰাজনীতি আৰু ৰণনীতি সন্দৰ্ভত অসমীয়া অনুবাদসহ সংস্কৃত ভাষাত ৰচনা কৰা মূল্যবান গ্ৰন্থ, প্ৰথম প্ৰকাশ – ১৯৪১ চন
  • সংস্কৃত পাণ্ডুলিপিৰ এক বৰ্ণনাত্মক তালিকাঃসম্পাদনা – পি চি চৌধুৰী, প্ৰথম প্ৰকাশ – ১৯৬১ চন।
  • স্মৃতি-জ্যোতিষ-সাৰ-সমগ্ৰ– সম্পাদনা – এম শাস্ত্ৰী আৰু ড০ পি চি চৌধুৰী, প্ৰথম প্ৰকাশ – ১৯৬৪ চন
  • বৈদ্যকা সৰোধৰা – সম্পাদনা – ডি তাৰকতীৰ্থ আৰু ড০ পি চি. চৌধুৰী, প্ৰথম প্ৰকাশ – ১৯৬৪ চন।

আহোম

  • আহোম অভিধান– আহোম, অসমীয়া আৰু পুৰণি পাণ্ডুলিপিৰ আধাৰত অসমীয়া আহোম শব্দৰ বিস্তৃত শব্দবোৰ।সম্পাদনা – এন. এন. দেওধাই ফুকন আৰু বি. বৰুৱা, প্ৰথম প্ৰকাশ – ১৯৬৪ চন, দ্বিতীয় প্ৰকাশ – ১৯৯১ চন।
  • আহোম আদিপাঠ– প্ৰণেতা – জি.কে. বৰুৱা, প্ৰথম প্ৰকাশ – ১৯৩৬ চন, দ্বিতীয় প্ৰকাশ – ১৯৬৮ চন, তৃতীয় প্ৰকাশ – ১৯৮৭ চন
  • আহোম আৰু অন্যান্য টাই ভাষাৰ পাণ্ডুলিপিৰ বৰ্ণনাত্মক তালিকা-সম্পাদনা – ড০ জে.এন. ফুকন আৰু য়ে হোম বুঢ়াগোঁহাঞি, প্ৰথম প্ৰকাশ – ২০০৬ চন